ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত আৰু অসমৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্যে অসমৰ ৰাইজৰ বিপুল জনসমৰ্থনত ১৯৮৫ চনৰ ১৪ অক্টোবৰ তাৰিখে ঐতিহ্যমণ্ডিত গোলাঘাট চহৰত অসম গণ পৰিষদ দলৰ জন্ম হয় । বিভিন্ন জাতি-গোষ্ঠীৰ মিলনভূমি আৰু বাৰেৰহনীয় সংস্কৃতিৰ সমন্বয়তীৰ্থ অসম নিজস্ব জাতীয় সত্বা আৰু দেশৰ অখণ্ডতা সুৰক্ষাৰ বাবে, ধৰ্ম নিৰপেক্ষতা, গণতন্ত্ৰ আৰু সমাজবাদৰ প্ৰেৰণাৰে জ্ঞান-বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু কলা-সংস্কৃতিৰ পূৰ্ণ বিকাশৰে সু-সমন্বিত কৃষি আৰু উদ্যোগৰ ভিত্তিত ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক উন্নয়নৰ যোগেদি পুৰুষ আৰু মহিলাৰ শ্ৰমৰ মৰ্যদাবোধেৰে আৰু শ্ৰেণীহীন শোষণমুক্ত সমাজ ৰচনাৰে ভাৰতৰ অংগৰাজ্য হিচাপে এখন সমৃদ্ধ অসম গঢ়ি তোলাৰ প্ৰত্যয় আৰু প্ৰতিশ্ৰুতিৰে ঐক্য, শান্তি আৰু প্ৰগতিৰ মন্ত্ৰৰে আগবাঢ়ি যোৱাটোৱেই হৈছে অসম গণ পৰিষদ দলৰ মূল উদ্দেশ্য।
দলৰ লক্ষ্য আৰু উদ্দেশ্য প্ৰধানকৈ হ’ব
১। বিধিৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংবিধানৰ প্ৰতি আৰু সমাজৰ ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰৰ প্ৰতি প্ৰকৃত বিশ্বাস আৰু আনুগত্যৰে দেশৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা,
২। প্ৰকৃত যুক্তৰাষ্ট্ৰীয় (ফেডাৰেল) গাঁঠনিৰ ভিত্তিত ভাৰতীয় সংবিধানৰ ব্যাপক সংশোধন ঘটাই সচাঁ অৰ্থত গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণ নীতি ৰূপায়ণৰ জৰিয়তে ৰাজনৈতিক সম-অধিকাৰ, অৰ্থনৈতিক উন্নতি আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰি ভাৰতৰ অংগ ৰাজ্য হিচাপে সক্ৰিয় ভূমিকা ল’ব পৰাকৈ শক্তিশালী অসম গঢ়া,
৩। মানৱ সম্পদৰ বিকাশ সাধি খনিজ, বনজ আৰু জলজ সম্পদ আদি থলুৱা প্ৰাকৃতিক সম্পদৰাজিৰ যথোপযুক্ত ভাৱে ব্যৱহাৰ কৰি তাৰ ভিত্তিত উদ্যোগ স্থাপনৰ জৰিয়তে নিয়োগৰ ক্ষেত্ৰ বহলাই উৎপাদন আৰু আয় বৃদ্ধি কৰি স্বাৱলম্বী অসম গঢ়া,
৪। ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থত জাতি, ধৰ্ম, বৰ্ণ, ভাষা, গোষ্ঠীৰ নামত পাৰস্পৰিক সন্দেহ আৰু অবিশ্বাসৰ ভাৱ বিয়পাই ভাগ ভাগ কৰা ঐতিহ্যমণ্ডিত অসমৰ বৃহৎ সমাজখন পাৰস্পৰিক সদ্ভাৱ, সহনশীলতা আৰু ভাতৃত্ববোধেৰে পুনৰ গঠন কৰা আৰু
৫। জাতি, ধৰ্ম, বৰ্ণ, ভাষা, গোষ্ঠী নিৰ্বিশেষে অসমৰ সমূহ জনগণক ৰাজনৈতিক ভাৱে সংগঠিত কৰি গণতান্ত্ৰিক উপায়েৰে অসমৰ তথা অসমবাসীৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰা।
সদৌ অসমবাসী লৈ
শ্ৰদ্ধাভাজন অসমবাসী ৰাইজ,
জয়জয়তে আপোনালোক সকলোকে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আন্তৰিক সম্ভাষণ জনাইছোঁ। ১৯৮৫ চনত ঐতিহাসিক অসম আন্দোলনৰ সমাপ্তিত জন্ম হোৱাৰ পৰাই অসমৰ জনতাৰ হিয়াৰ আপোন অসম গণ পৰিষদে আঞ্চলিকতাবাদৰ বিজয়ধ্বজা উৰুৱাই আহিছে। এক শক্তিশালী....
অসম চুক্তি ৰূপায়ণ
কৃষি উন্নয়ণ
নিৰ্বাচনী ইস্তাহাৰ অ.গ.প
জয় আই অসম !
Together we the people can achieve more than any single person could ever do alone.
© 2022-23, AGP Assam. All Rights Reserved.