
সমষ্টিয়ে সমষ্টিয়ে অগপৰ সাংগঠনিক সদস্যভৰ্তি অভিযানৰ সভা
আজি ৰাজ্যখনৰ প্ৰতিটো সমষ্টিতে অসম গণ পৰিষদ দলৰ বিধান পৰিষদসমূহৰ উদ্যেগত সাংগঠনিক সভা অনুষ্ঠিত হয়। দলৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি অনুষ্ঠিত হোৱা এই সভাত ৰাজ্যজুৰি সদস্য ভৰ্তিকৰণ অভিযান, দলীয় পুঁজি সংগ্ৰহ আৰু তৃণমূল পৰ্য্যায়ৰ পৰা দলক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে পৰিকল্পনা গ্ৰহণ কৰি কাৰ্য্যসূচী ৰূপায়ণৰ ব্যৱস্থা কৰা হয়। এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সাধাৰণ সম্পাদকদ্বয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু মনোজ শইকীয়াই কয় যে, ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা কেইবাটাও নিৰ্বাচনত অসম গণ পৰিষদ দলে উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ অন্যতম সৰ্ববৃহত শক্তিশালী আঞ্চলিক দল হিচাপে অসম গণ পৰিষদ দল অধিক শক্তিশালী হোৱাতো অসমৰ জনসাধাৰণে মনে প্ৰাণে কামনা কৰে। ৰাজ্যখনৰ জনসাধাৰণৰ চিন্তা-চৰ্চাক সন্মান জনাই অহা অসম গণ পৰিষদ দলে ব্যাপক সদস্য ভৰ্তিকৰণৰ জৰিয়তে দলটোক অধিক জনমুখি আৰু সক্ৰিয় কৰাৰ বাবে ইতিমধ্যে পৰিকল্পনা গ্ৰহণ কৰিছে। দলৰ তৰফৰ পৰা সমাগত দেউৰী স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ বাবেও প্ৰস্তুতি চলোৱা হৈছে। আজি প্ৰতিটো সমষ্টিতে কেন্দ্ৰীয় সমিতিৰ আহ্বানৰ প্ৰতি সহাৰি জনাই প্ৰতিটো বিধান পৰিষদে দলটোৰ সকলো ভাতৃ-ভগ্নী সংগঠনক লগত লৈ এই সাংগঠনিক সভা অনুষ্ঠিত কৰে। বোকাখাতত অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কলিয়াবৰত কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত আদিয়ে নিজেই সভাত উপস্থিত থাকে। ইয়াৰ উপৰিও আমগুৰি , চাবুৱা, ডিব্ৰুগড়, নাজিৰা, তেজপুৰ, বঙাইগাওঁ, বৰপেটা, দেৰগাওঁ, গোলাঘাট, পশ্চিম গুৱাহাটী, পূৱ গুৱাহাটী, দিশপুৰ, বিশ্বনাথ, মঙ্গলদৈ, ছিপাঝাৰ, ৰঙিয়া, কমলপুৰ, নলবাৰী, পাটাছাৰকুছি, বৰপেটা, গোৱালপাৰা, মানকাচৰ, ধুবুৰী, উত্তৰ অভয়াপুৰি, বাঘবৰ, নাওঁবৈচা, ধেমাজী, জালুকবাৰী, হোজাই, শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি, ছয়গাওঁ, বকো, পলাশবাৰী, জাগীৰোড, লাহৰিঘাট, নগাঁও, বটদ্ৰবা, যমুনামূখ সৰুপথাৰ, খুমটাই, শিৱসাগৰ, মৰান, নাহৰকটীয়া, মাহমৰা, শদীয়া, থাওঁৰা, খুমটাই, মাৰ্ঘেৰিটা, তিনিচুকীয়া, মাজুলী, জোনাই, বিলাসীপাৰা আদি সমষ্টি সমূহতো অগপৰ এই সাংগঠনিক সভা অনুষ্ঠিত হয়। এই সভাসমূহত দলৰ শীৰ্ষ নেতাসকল উপস্থিত থাকে।