
দ্ৰুপদী মুৰ্মুক ভোটদান কৰিব অগপ বিধায়ক-সাংসদে
১৮ জুলাই তাৰিখে অনুষ্ঠিত হ’বলগীয়া দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী দ্ৰুপদী মুৰ্মুক ভোটদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম গণ পৰিষদ দলে। যোৱা ১২ জুলাই তাৰিখে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখনি গুৰুত্বপূৰ্ণ সভাত উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাই এক সিদ্ধান্তৰ জৰিয়তে দলটোৰ সকলো বিধায়ক আৰু সাংসদক দ্ৰুপদী মুৰ্মুৰ সপক্ষে ভোটদান কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাষ্ট্ৰপতি পদত দ্ৰুপদী মুৰ্মুৰ দৰে এগৰাকী সুদক্ষ সমাজসেৱী আৰু ৰাজনৈতিক ভাৱে পৰিপক্ক মহিলা প্ৰাৰ্থী হিচাপে নিৰ্বাচন কৰাত আদৰণি জনায়। এক বিবৃতি যোগে দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এই কথা জানিবলৈ দিয়ে।