অসম গণ পৰিষদ

অসমৰ সৰ্ববৃহৎ আঞ্চলিক ৰাজনৈতিক দল

শ্ৰদ্ধাভাজন অসমবাসী ৰাইজ,

জয়জয়তে আপোনালোক সকলোকে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আন্তৰিক সম্ভাষণ জনাইছোঁ। ১৯৮৫ চনত ঐতিহাসিক অসম আন্দোলনৰ সমাপ্তিত জন্ম হোৱাৰ পৰাই অসমৰ জনতাৰ হিয়াৰ আপোন অসম গণ পৰিষদে আঞ্চলিকতাবাদৰ বিজয়ধ্বজা উৰুৱাই আহিছে। এক শক্তিশালী জাতীয় জোৱাৰৰ বুকুত জন্ম লাভ কৰা অগপই বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে ৩৭টা বছৰ পাৰ কৰিলে। অসমৰ সৰ্বস্তৰৰ ৰাইজৰ অকুণ্ঠ মৰম-আশীৰ্বাদ আৰু দলটোৰ বহু নিষ্ঠাৱান কৰ্মীৰ বাবেই ১৯৮৫ চনৰ পৰাই আমাৰ দলৰ পতাকাখন অসমৰ নীলিম আকাশত সগৌৰৱেৰে উৰি আছে। এই ছেগতে অসমৰ জাতীয় শ্বহীদ সকলৰ লগতে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা প্ৰয়াত কৰ্মকৰ্তা তথা আমাৰ শুভাকাংক্ষীসকলক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
সকলো জাতি-জনগোষ্ঠীয়ে নিজৰ দল বুলি গ্ৰহণ কৰিব পৰা এটা ধৰ্ম নিৰপেক্ষ দল হৈছে অসম গণ পৰিষদ। অসমৰ মাটিত অসম গণ পৰিষদ শক্তিশালী হোৱা মানেই আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানেই অসম সুৰক্ষিত হোৱা।আৱেগেৰে নহয়, যুক্তিৰে এখন শক্তিশালী আৰু সমৃদ্ধিশালী অসম গঢ়িবলৈ

আমি বদ্ধপৰিকৰ। প্ৰতিষ্ঠাকালৰ পৰাই- ঐক্য, শান্তি আৰু প্ৰগতি- এই লক্ষ্যৰে বৃহত্তৰ অসমৰ ৰাইজৰ সুখ-দুখ, আৱেগ-অনুভূতিক সন্মান জনাই আহিছে অসম গণ পৰিষদে আৰু অসমৰ ৰাইজৰ মৰম-আশীৰ্বাদ, দিহা-পৰামৰ্শ শিৰত লৈ আঞ্চলিকতাবাদৰ বৰভেটিটো শক্তিশালী কৰাৰ বাবে অহৰহ্ কাম কৰি আছে।
বিগত ৩৭ বছৰৰ অভিজ্ঞতাক সাৰথি কৰি অসম গণ পৰিষদ এতিয়া নতুন ৰূপত অগ্ৰসৰ হৈছে। প্ৰগতিশীল জাতীয়তাবাদৰ উদাৰ দৃষ্টিভংগীৰে আমি আগবাঢ়িছোঁ। জনসাধাৰণৰ স্নেহাশিসৰ বাবেই প্ৰতিবাৰেই প্ৰতিটো প্ৰতিকূলতা হেলাৰঙে নেওচি আমি নতুন উদ্যমেৰে আগুৱাই আহিছোঁ। সেয়েহে সময়ৰ আহ্বানমৰ্মে নতুনৰ বাবে আমি দুৱাৰ মুকলি ৰাখিছো আৰু দলটোৰ শক্তিশালীকৰণত বিশেষভাবে যুৱ আৰু মহিলাশক্তিক হাতউজান দিবলৈ আন্তৰিকতাৰে আহ্বান জনাইছোঁ।
অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অধিকাৰপ্ৰাপ্তিৰ হকে অসম গণ পৰিষদ সদায়ে উৎসৰ্গিত। স্বদেশ, স্বজাতি, স্বাধিকাৰৰ স্বাৰ্থত অসমৰ নীলিম আকাশত আঞ্চলিকতাবাদৰ পতাকা সগৌৰৱে জিলিকাই ৰাখিবলৈ আমাৰ এই যাত্ৰাৰ সক্ৰিয় অংশীদাৰ হ’বলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে আহ্বান জনালোঁ। এইক্ষেত্ৰত আমি অন্তঃকৰণেৰে অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু মূল্যবান দিহা-পৰামৰ্শ কামনা কৰিছোঁ।
আমাৰ দৃঢ় বিশ্বাস- আপোনালোকৰ ঐকান্তিক প্ৰচেষ্টা আৰু দিহা-পৰামৰ্শই আগন্তুক সময়ত অসম গণ পৰিষদক অসমী আইৰ বুকুত অপ্ৰতিৰোধ্য কৰি তোলাত সহায় কৰিব।
‘ময়েই হিন্দু ময়েই মুছলমান/ ময়েই ন-জোৱান/ মোৰ ভগৱান মন্দিৰে-মছজিদে, ভগৱান মোৰ নামঘৰে ঘৰে/ অন্তৰে বাহিৰে…’ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এই অমোঘবাণীৰে আমাৰ দলৰ প্ৰতিজন সৈনিকক দলটোৰ হকে কাম কৰিবলৈ এই মঞ্চৰ পৰাই পুনৰ আহ্বান জনোৱাৰ লগতে অসমবাসীৰ সক্ৰিয় সহযোগ আন্তৰিকতাৰে কামনা কৰিলো ।

অসম গণ পৰিষদ জিন্দাবাদ! জয় আই অসম!
– অতুল বৰা
সভাপতি, অসম গণ পৰিষদ