অসম গণ পৰিষদ জিন্দাবাদ, জয় আই অসম !

Edit Content

অ. গ. প ৰ বিষয়ে

ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত আৰু অসমৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্যে অসমৰ ৰাইজৰ বিপুল জনসমৰ্থনত ১৯৮৫ চনৰ ১৪ অক্টোবৰ তাৰিখে ঐতিহ্যমণ্ডিত গোলাঘাট চহৰত অসম গণ পৰিষদ দলৰ জন্ম হয় । বিভিন্ন জাতি-গোষ্ঠীৰ মিলনভূমি আৰু বাৰেৰহনীয় সংস্কৃতিৰ সমন্বয়তীৰ্থ অসম নিজস্ব জাতীয় সত্বা আৰু দেশৰ অখণ্ডতা সুৰক্ষাৰ বাবে, ধৰ্ম নিৰপেক্ষতা, গণতন্ত্ৰ আৰু সমাজবাদৰ প্ৰেৰণাৰে জ্ঞান-বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু কলা-সংস্কৃতিৰ পূৰ্ণ বিকাশৰে সু-সমন্বিত কৃষি আৰু উদ্যোগৰ ভিত্তিত ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক উন্নয়নৰ যোগেদি পুৰুষ আৰু মহিলাৰ শ্ৰমৰ মৰ্যদাবোধেৰে আৰু শ্ৰেণীহীন শোষণমুক্ত সমাজ ৰচনাৰে ভাৰতৰ অংগৰাজ্য হিচাপে এখন সমৃদ্ধ অসম গঢ়ি তোলাৰ প্ৰত্যয় আৰু প্ৰতিশ্ৰুতিৰে ঐক্য, শান্তি আৰু প্ৰগতিৰ মন্ত্ৰৰে আগবাঢ়ি যোৱাটোৱেই হৈছে অসম গণ পৰিষদ দলৰ মূল উদ্দেশ্য।

Contact Us

 মূখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অগপৰ পাঁচ লাখ টকাৰ বৰঙণি

আজি অসম গণ পৰিষদ দলৰ বিধায়িনী দলৰ তৰফৰ পৰা দিশপুৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পূজিলৈ ৫ লাখ টকা ৰ বৰঙণি আগবঢ়ায়। দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত দলটোৰ বিধায়ক তথা সাংসদে পাচ লাখ টকা ৰ চেক মুখ্যমন্ত্ৰীৰ হাতত অৰ্পন কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ দুৰ্গত জনসাধাৰণৰ স্বাৰ্থত অসম গণ পৰিষদ দলৰ বিধায়ক তথা সাংসদে গ্ৰহণ কৰা এনে ভূমিকাৰ শলাগ লয়।